চাবুৱাঃ কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবীত আজি শিৱসাগৰ জিলাৰ জাঁজীত ১ ঘণ্টা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।শিৱসাগৰ জিলাৰ সভাপতিদ্বয় দুলাল কলিতা আৰু ৰিতুমণি হাজৰিকাৰ নেতৃত্বত ছাত্ৰ মুক্তিৰ ভালেসংখ্যক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীয়ে পুলিচ প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকাক তিৰস্কাৰ কৰে। লগতে আইনৰ চুড়ান্ত অপব্যৱহাৰ কৰি ষড়যন্ত্ৰ মূলকভাৱে অখিল গগৈৰ ওপৰত জাপি দিয়া ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ উঠাই লোৱাৰ দাবীত ডিজিপি মুকেশ সাহাইৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে।