মোৰাঝাৰঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলাৰ উপায়ুক্ত এম পি সিং য়ে জিলাখনত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰা বলৱৎ কৰিছে৷ জিলা উপায়ুক্ত সিঙে এইচ জে এল এল ১/৯৯/৪০৪ নং নিৰ্দেশ মৰ্মে আগন্তুক দুৰ্গা পূজা উপলক্ষে শান্তি শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজধাৰী কাৰ্যবিধি আইনৰ অধীনত সমগ্ৰ জিলাখনতে এই নিষেধাজ্ঞা জাৰি কৰে৷
এই আদেশ অনুসৰি পাঁচজন বা ততোধিক লোক গোট খোৱা (ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে), মাৰাত্মক অস্ত্ৰ, জাঠি জোং লৈ ঘুৰা, প্ৰশাসনৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত সভা-সমিতি, ৰেলী বা যিকোনো ধৰণৰ সমদল ৰেলী আদি উলিওৱা, ৰাজহুৱা বাট-পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল আৰু যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মা আৰু অনুভাষ যন্ত্ৰ বজোৱা, আপত্তিজনক প্ৰচাৰ পত্ৰিকা, বেনাৰ আদি লগোৱা নিষিদ্ধ কৰিছে৷ ইয়াৰ উপৰিও বলপুৰ্বকভাৱে দান-বৰঙনি আদায় কৰা, প্ৰৰোচনামুলক ধ্বনি বা শ্ল’গান দিয়া, দুচকীয়া যান-বাহনত দুজন আৰোহী উঠোৱা নিষিদ্ধ কৰিছে৷