মৰিয়ণিঃ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে সাংবাদিকক সুৰক্ষা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে মৰিয়ণি চহৰৰ নগৰ থানা আলিত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰি সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবী জনায় চৰকাৰক৷
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত দেশত নিতৌ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। কিছুদিনৰ ভিতৰতে দেশৰ কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আক্ৰমণৰ সন্মুখীন হৈছে৷ ইয়াৰে তিনিগৰাকী সাংবাদিকৰ মৃত্যু হয়৷ বাংগালুৰুৰ মহিলা সাংবাদিক গৌৰী লংকেশক নিজ ঘৰতে হত্যা কৰে দুৰ্বত্তই৷