গোৰেশ্বৰঃ চৌদিশে এতিয়া দুৰ্গা পূজাৰ ব্যস্ততা। তাতে আকৌ মোবাইল নেটৱৰ্কৰ আমনি। ব্যস্ততা পূৰ্ণ জীৱনত এইকেইদিন ভালেই আউল লগাইছে নিম্নমানৰ মোবাইল নেটৱৰ্কে। আজিকালি জিঅ’ৰ যুগ। সকলো কথাই মানুহে অনলাইনত কৰাৰ এক অভ্যাস গঢ়ি তুলিছে।
কিন্তু বিগত কিছুদিন ধৰি বাক্সা জিলাৰ গোৰেশ্বৰত মোবাইল নেটৱৰ্কৰ নিম্নমানৰ সেৱাই গ্ৰাহকক জ্বলা কলা খুৱাইছে। অনলাইনত ব্যস্ত থকা মানুহে সাধাৰণ কথাখিনি পাতিবলৈ ফোনত ঘন্টা ধৰি যুঁজিব লগা হৈছে। বিশেষকৈ জৰুৰীকালীন অৱস্থাত মোবাইলটোত খা-খবৰ লওঁ বুলিও ল’ব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।