54
জোনাইঃ বানত ক্ষতিগ্ৰস্ত ধেমাজি জিলাৰ অজস্ৰ জনতাই খাদ্য-বস্ত্রৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে পকি পথ ভাঙি পুনৰ নিৰ্মাণৰ নামত চৰকাৰী ধন অপব্যয় কৰাক লৈ জোনাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জোনাইৰ মহমৰাস্ত মেডিকেলৰ কাষেৰে আগাম দলুঙলৈ যোৱা পথটো নতুনকৈ নিৰ্মাণ কৰা মাথো চাৰি বছৰহে হৈছে। কিন্তু সোমবাৰৰ পৰা যাতায়তৰ বাবে সম্পূৰ্ণ উপযোগী পথটোক JCB ৰে ভাঙি-আজুৰি পুনৰ নিৰ্মাণ কৰিবলৈ লোৱাক AJYCP ৰ জোনাই আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে।