গুৱাহাটীঃ পৰিবৰ্তনৰ শ্ল’গানেৰে দিশপুৰত শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে অন্য একো পৰিবৰ্তন আনিব নোৱাৰিলেও এটা ক্ষেত্ৰত চকুত লগা পৰিবৰ্তন আনিছে। আৰু সেইটো হৈছে সোণোৱাল চৰকাৰে বিদেশী ন্যায়াধীকৰণ ব্যৱস্থাটো পূৰ্বতকৈ বহু দুৰ্ব্বল কৰি পেলাইছে।এই গুৰুতৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰি পৰিষদৰ সভাপতি বলেন বৈশ্যই কয় যে ইমান দিনে এই ন্যায়ধীকৰণ সমূহত এচাম অসম প্ৰেমী, জাতীয়তাবাদী খিলঞ্জীয়া অসমীয়া চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি হৈ আছিল।