হোজাই জিলাত ব্যাপক নিৰাপত্তাৰ মাজেৰে দুৰ্গা গোসাঁনীৰ বেলবোধন

Home ৰাজ্যহোজাই জিলাত ব্যাপক নিৰাপত্তাৰ মাজেৰে দুৰ্গা গোসাঁনীৰ বেলবোধন

হোজাই জিলাত ব্যাপক নিৰাপত্তাৰ মাজেৰে দুৰ্গা গোসাঁনীৰ বেলবোধন

by News Desk
66 views
A+A-
Reset

লংকাঃ অপেক্ষাকৃত শাৰদী দুৰ্গোৎসৱৰ আজিৰ পৰা সমগ্ৰ অসমৰ লগতে হোজাই জিলাতো আৰম্ভ হৈছে। হোজাই জিলাত এইবাৰ সৰ্বমুঠ ৩৫৬ খন ৰাজহুৱা পূজা মণ্ডপত আজি দুৰ্গা গোসাঁনীৰ বেলবোধন কৰা হয়। জিলাখনৰ সদৰ ঠাই হোজাই থানা এলেকাত এইবাৰ ১৩০ খন ৰাজহুৱা পূজাৰ আয়োজন কৰিছে। হোজাই থানাৰ অন্তৰ্গত যোগীজান আৰু নিলবাগান নিৰীক্ষণ চকীৰ অধীনত ক্ৰমে ৩১ আৰু ৮ খন পূজাৰ আয়োজন কৰা হৈছে। 

হোজাই জিলাৰ লংকা থানা এলেকাত জিলা সদৰ শংকৰদেৱ নগৰকে ধৰি সৰ্বমুঠ ১০৬ খন পূজা, ৰেলনগৰী লামডিং থানা এলেকাত ৫১ খন, কাকী থানা এলেকাত ২৪ খন, ডবকাত ১৮ খন পূজাৰ আজি বেলবোধন কৰা হয়। অইন বেলিৰ দৰে এই বেলি হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ চাবাজপুৰ সাৰ্বজনীন পূজা মন্দিৰ, উওৰ বান্দৰ মেলা, দেৱস্থান, চৌধৰী বজাৰ পূজা মন্দিৰকে ধৰি ১৫ খন পূজা সমিতিয়ে পূজাৰ আয়োজনৰ কৰিছে। হোজাই জিলাৰ থানা এলেকাত এইবাৰ ১২ খন পূজাৰ আয়োজন কৰা হৈছে বুলি হোজাই জিলাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জনা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0