তেজপুৰ টাউনঃ সোমবাৰে শোণিতপুৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায় এক গীত মাতৰ গধূলি অনুষ্ঠান৷ বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰি আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে শতাধিক ৰাইজৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন হাজৰিকাই৷
অনুষ্ঠানটোত উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন আধ্যাপক উপেন শৰ্মা, বিদ্যালয়ৰ শৈক্ষিক সঞ্চালক পবিত্ৰ কুমাৰ কলিতা, বিদ্যালয়ৰ অধ্যক্ষ অৰুন্ধন্তী শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷।কাৰ্যসূচীৰ আৰম্ভণিতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সূখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ন্ধনা জনোৱাৰ লগতে প্ৰত্যুষ নেওগে ডিষ্টিংচন লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনা বাবে সিদ্ধেশ্বৰী দেৱী সোঁৱৰণী বটাপ্ৰদান কৰা হয়৷