51
বিহালীঃ বিহালী বিধান সভা সমষ্টিৰ তিনিসুঁতিত ৰাইজে আটক কৰি তিনিসুঁতি আৰক্ষী চকীৰ আৰক্ষীক গটালে বৰগাংস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ তিনি অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীক৷
আজি সন্ধিয়া প্ৰায় সাত বজাত তিনিসুঁতি বজাৰৰ দুৰ্গা পূজা মণ্ডপত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিজন কৰ্মচাৰী তদন্তৰ বাবে উপস্থিত হয়৷ অগ্নি নিৰ্বাপক বাহিনীৰ তিনি কৰ্মচাৰীয়ে পূজা মণ্ডপস্থলীত উপস্থিত হৈয়ে পূজা উদযাপন সমিতিৰ পৰা এহেজাৰ টকা ধন দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।