নামতিঃ যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখিছে তেনে সময়তে গ্ৰামাঞ্চলৰ বাট পথৰ জৰাজীর্ণ অৱস্থাই ৰাইজৰ চকু কপালত তুলিছে। তাৰ এক নগ্ন স্বৰূপ উদঙাই দিলে শিৱসাগৰ জিলাৰ ১০৩ নং অামগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ দেওৰজা গাঁও পঞ্চায়তৰ অৰ্ন্তগত ন-পাম কৈৱৰ্ত গাঁৱৰ ৰাইজে।
গাঁওখনৰ বিধ্বস্ত পথটোৱে অঞ্চলটোৰ ৰাইজক বাৰুকৈ জ্বলা-কলা খুৱাইছে। এই পথটোৱে ঐতিহাসিক ধোদৰ আলিৰ নামতি সমীপৰ চামগুৰিৰ পৰা প্ৰায় ২০ খন গাঁও সংযোগ কৰি গৌৰীসাগৰৰ ৩৭ নং ৰাষ্টীয় ঘাইপথক সংযোগ কৰিছে। পথটোৰে দৈনিক অহা যোৱা কৰে বহু শতাধিক ছাত্ৰ-ছাত্ৰী, যান-বাহন আৰু স্থানীয় লোক।