কোকৰাঝাৰঃ বিটিচিৰ পৰিষদীয় বিধানসভাত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বিটিচিৰ বিশেষ অধিৱেশনৰ আজি সামৰণি পৰে৷ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনখনৰ আজি দ্বিতীয়দিনা দ্যা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এডুকেচন (প্ৰাদেশিকীকৰণ শিক্ষক সেৱা আৰু সুসংগঠিত শৈক্ষিক শিক্ষানুষ্ঠান) বিধেয়ক ২০১৭ বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হয়৷
বিটিচিৰ বিশেষ অধিৱেশনখনৰ আজি সামৰণিৰ দিনাখন বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্বত থকা উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে উত্থাপন কৰা বিটিচি শিক্ষা বিধেয়ক ২০১৭ সংশোধন ঘটোৱাত সদনৰ মজিয়াত গৃহীত হয়। অৱশ্যে ইয়াৰ পূৰ্বে বিৰোধী সদস্যই বিধেয়কখনৰ দুই এটা দফা আসোঁৱাহ থকা বুলি আঙুলিয়াই দিয়াত সদনে তাৰে কিছু দফা সংশোধন কৰি অৱশেষত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱৰে গৃহীত কৰে৷