53
লালুকঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ নিজ লালুক গাওঁ পঞ্চায়ত এলেকাত সৰ্বত্ৰে স্বচ্ছতা অভিযান কাৰ্যসূচী আজি ৰূপায়ন কৰা হয়৷
কাৰ্যসূচীত পুৱা স্বচ্ছতা ৰেলী, সামুহিক চাফাই আৰু বৃক্ষ ৰোপন কৰে৷ লগতে নিজ লালুক গাঁও পঞ্চায়তৰ পৰা লালুক বাছ আস্থান, লালুক দৈনিক বজাৰ এলেকা সামৰি মুঠ বাৰটাকৈ ডাষ্টবিন স্থাপন কৰা হয়৷