লালুক/ডিগবৈঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ ফতেহপুৰ তিনিআলি৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ অখিলক মুক্তি দিয়াৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পাভ আঞ্চলিক সমিতিয়ে ৰাজ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতী দাহ কৰি কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী জনায়৷ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰিছে ৰাজ্য৷