গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ নগৰত শাৰদীয় দুৰ্গোৎসৱত যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা। গোৰেশ্বৰ নগৰত বহু পূৰ্বৰে পৰা যান-বাহনৰ অনিয়ন্ত্ৰিত আহ-যাহ আৰু য’তে-ত’তে বাহন ৰখাৰ ফলত ঠেক পথটোত সৃষ্টি হৈ আহিছিল তীব্ৰ যান-জঁট।
এনে হেন ব্যৱস্থা দূৰ কৰিবলৈ গোৰেশ্বৰ নগৰ সমিতিয়ে ২৬ ছেপ্তেম্বৰৰ পৰা গ্ৰহণ কৰিছে কিছু ব্যৱস্থা। গোৰেশ্বৰ-গুৱাহাটী গড়কাপ্তানি মুখ্য পথটো ওপৰত দুৰ্গা পূজা উপলক্ষে ন’ পাৰ্কিং জ’ন ঘোষণা কৰা হৈছে। নগৰ খনৰ দক্ষিণ দিশে গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগণত নগৰ সমিতিৰ তৰফৰ পৰা পাৰ্কিং স্থান নিৰ্ধাৰণ কৰা হৈছে৷