লংকাঃ সমগ্ৰ দেশত জিএছটি প্ৰযোজ্য হোৱাৰ পিছত পিছত দেৱী দুৰ্গা মণ্ডপৰ আৰ্হিতো জি এছ টিৰ প্ৰভাৱ দেখা গৈছে। হোজাই জিলাৰ হোজাই চহৰৰ মণ্ডপত আকৌ দেখা গল ভাৰতীয় সেনাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ আৰ্হি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দুৰ্গা পূজা মণ্ডপৰ সৌন্দৰ্যৰ প্ৰতিযোগিতাত পিছ পৰি থকা নাই হোজাইৰ পূজাথলী সমূহো।
বৰ্তমান সময় আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি চহৰখনৰ পূজা মণ্ডপ সমূহৰ আৰ্হি তৈয়াৰ কৰা হৈছে। সমগ্ৰ হোজাই জিলাতে প্ৰায় ৩৫৬ খন ৰাজহুৱা পূজাৰ আয়োজন কৰিছে৷ কিন্তু সকলোৰে আৰ্হি বেলেগ বেলেগ। তাৰে ভিতৰত লেখত ল’বলগীয়া আৰ্হি হ’ল হোজাই চহৰৰ গোবিন্দাপল্লীৰ জনতা বয়জ ক্লাৱৰ উদ্যোগত আয়োজিত পূজাথলী।