57
ৰঙিয়াঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত আইন শৃংখলাৰ ক্ষেত্ৰত ৰঙিয়া আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। যান-জঁটৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ মূক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া আৰক্ষীয়ে যান-বাহন সমূহৰ ক্ষেত্ৰত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
দিনৰ তিনি বজাৰ পৰা পূজা মণ্ডপলৈ সংলগ্ন ৰঙিয়াৰ মূল পথ সমূহত চাৰিচকীয়া যান-বাহন সমূহ প্ৰবেশত বাধা আৰোপ কৰা হৈছে। আনহাতে ৰঙিয়া আৰক্ষীয়ে চহৰৰ মাজমজিয়াত কামৰূপ আৰক্ষীৰ সহযোগত এটা নিয়ন্ত্ৰণ কক্ষ আৰম্ভ কৰিছে।