নাহৰকটীয়াঃ অাজি মহাসপ্তমী৷ ৰাজ্য জুৰি দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে৷ আজি মহাসপ্তমীৰ দিনাখন সমগ্ৰ ৰাজ্যৰ লগতে নাহৰকটীয়া টাউনতো মা দুৰ্গাৰ অাৰ্শীবাদ ল’বলৈ ঞথেষ্ট ভক্তৰ ভীৰ পৰিলক্ষিত হয়৷ ষষ্ঠীৰ দিনা বেলবৰণেৰে দূৰ্গতিনাশিনীক আদৰাৰ পাছত আজি মণ্ডপ সমূহত মহাসপ্তমীৰ পূজা অৰ্চনা চলি অাছে।
আজি দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ অাৰু স্থাপন সম্পন্ন কৰাৰ লগতে দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়। দেৱীৰ বন্দনা, ঢাক-ঢোল, শংখ, উৰুলীৰে সমগ্ৰ নাহৰকটীয়া এক ওখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। সকলোৰে মংগল কামনা কৰি দেশলৈ যাতে শান্তি-শৃংখলা ঘূৰি আহে তাকে দুৰ্গা মাৰ ওচৰত কামনা কৰিছে।