প্ৰবীন মুক্তিযোদ্ধা, স্বাধীনতা সংগ্ৰামী অৰবিন্দ ডেকাৰ পৰলোক

Home ৰাজ্যপ্ৰবীন মুক্তিযোদ্ধা, স্বাধীনতা সংগ্ৰামী অৰবিন্দ ডেকাৰ পৰলোক

প্ৰবীন মুক্তিযোদ্ধা, স্বাধীনতা সংগ্ৰামী অৰবিন্দ ডেকাৰ পৰলোক

by News Desk
49 views
A+A-
Reset

গোৰেশ্বৰঃ বাক্সা জিলাৰ নাওকাটা নিবাসী প্ৰবীন মুক্তিযোদ্ধা অৰবিন্দ ডেকাই আজি পুৱতি নিশা তিনি মান বজাত ৯১ বছৰ বয়সত পৰলোক গমন কৰে। নাওকাটাৰ বড়িগাঁৱত নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰা মুক্তিযোদ্ধা গৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

১৯২৬ চনৰ পাঁচ মে’ত গোৰেশ্বৰ ৰাজহ চক্ৰৰ গুৰমৌ গাঁৱত জন্মগ্ৰহণ কৰা অৰবিন্দ ডেকাৰ পিতৃ প্ৰয়াত ভদ্ৰেশ্বৰ ডেকা আৰু মাতৃ প্ৰয়াত ধৰ্মেশ্বৰী ডেকা। কামৰূপ জিলাৰ কৰৰা হাইস্কুলত সপ্তম শ্ৰেণীলৈ অধ্যয়ন কৰা অৰবিন্দ ডেকাই সমাজ চেতনা আৰু সামাজিক দায়বদ্ধতাৰ বাবে ছাত্ৰাৱস্থাৰ পৰাই সমাজৰ কামত জড়িত হৈ পৰিছিল। ১৯৪২ চনৰ পহিলা জানুৱাৰীত ১৬ বছৰ বয়সত জাতীয় কংগ্ৰেছ দলত যোগদান কৰে অৰবিন্দ ডেকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0