55
গৌৰীসাগৰঃ আজি মহাঅষ্টমীৰ দিনটোত ঐতিহ্যনগৰী শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰামখাপীঠ আৰু শিৱসাগৰৰ দেৱীদ’লত পৰম্পৰাগত হাঁহ, ছাগলী, কুঁহিয়াৰ, কোমোৰা আদি বলি বিধানেৰে শক্তিৰ আধিষ্ঠাত্রী দেৱীক পূজা অৰ্চনা কৰা হয়৷
শক্তিৰ অধিষ্ঠাত্রী দেৱীৰ সেৱা ল’বলৈ মহাষ্টমীত ভক্তৰ বিশাল সমাগম দেখা গৈছে৷ ঐতিহাসিক দিখৌমুখৰ দেওঁঘৰীয়াত অৱস্থিত মহাসতী পাৰ্বতীৰ স্মৃতি বিজড়িত বক্ষ প্রতিষ্ঠাপিত হৈ থকা ৰামখাপীঠত ঐতিহাসিক পৰম্পৰাগত বলি বিধানেৰে পালন কৰা হয় দূৰ্গা পূজাৰ৷