ৰঙিয়াঃ আজি মহাঅষ্টমী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাৰদীয় ৰং চটিয়াই নামি অহা মা দুৰ্গাৰ শ্ৰী চৰণত প্ৰণিপাত জনাবলৈ লানি লাগিছে ভক্তৰ৷ সকলোৰে মনত জাগি উঠিছে নতুন উচাহ, নতুন আনন্দ৷ আজি মহা অষ্টমীৰ দিনাখনো কোনো ব্যতিক্ৰম নহল পূজা মণ্ডপলৈ ভক্তৰ সমাগমৰ৷
আনহাতে শাৰদীয় উছাহক বাদ দি থাকিব নোৱাৰিলে ৰাজ্যৰ ৰাজ্যপালো৷ সেয়ে আজি মহাঅষ্টমীৰ দিনা কামৰূপ জিলাৰ নিজ বড়িগোগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ শতবৰ্ষীয় দুৰ্গা পূজাখনিৰ গইনা লৈ উপস্থিত হ’ল ৰাজ্যপাল৷