লালুকঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত শনিবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিহপুৰীয়া বিদ্যুৎ উপ-সংমণ্ডলত ৪ শতাধিক বিদ্যুৎ গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ দীৰ্ঘদিন ধৰি অত্যাধিক বিদ্যুতৰ বিল প্ৰেৰণ কৰাৰ লগতে বিল পৰিশোধ কৰি অহাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাই আহে৷
বিহপুৰীয়াৰ পূৱডিক্ৰং অঞ্চলত মুক্তি শইকীয়া নামৰ বিদ্যুৎ বিভাগৰ এজেন্ট জনে গ্ৰাহকৰ পৰা দীৰ্ঘদিন ধৰি নিৰ্দ্ধাৰিত মাহেকীয়া মাছুলতকৈ অত্যাধিক হাৰত ধন সংগ্ৰহ কৰাৰ অবিোগ উত্থাপন কৰে৷ শেহতীয়াকৈ বিদ্যুৎ বিভাগে এজেন্টজনক অব্যাহতি দি বিভাগটোৱে খোদ বিদ্যুৎ মাচুল সংগ্ৰহ কৰি আহিছে দিও ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷