বাইহাটা চাৰিআলিঃ প্ৰতিদিনে ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰত এগৰাকী বোৱাৰীক স্বামীৰ পৰিয়ালে হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ শুকুৰবাৰে নিশা মৃত্যুক আকোঁৱালি লোৱা নৱবিবাহিত বোৱাৰীগৰাকীক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে পৰিকল্পিতভাৱে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
মা-হালধিৰ গোন্ধ নৌযাওতেই সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত নসত্ৰৰ চলদাৰ ৰজত ডেকাৰ পুত্ৰ পিংকু ডেকাৰ সৈতে একেখন থানাৰ অন্তৰ্গত বৰহাটাৰ কবিচৰণ বৈশ্যৰ কন্যা নিশাৰানী বৈশ্যই প্ৰায় এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল৷ বিবাহৰ ৮ মাহ অতিক্ৰম কৰাৰ পিছৰে পৰা স্বামী পৰিয়ালৰ ন-বোৱাৰীগৰকীক শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হয়৷