গোৰেশ্বৰঃ কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বাক্সা জিলাৰ গোৰেশ্বৰ উত্তাল হৈ থকাৰ মাজতে শুকুৰবাৰে অভিযুক্ত শিক্ষকৰ পক্ষত থিয় দিলে সতীৰ্থ শিক্ষক, ছাত্ৰী-ছাত্ৰী তথা স্থনীয় ৰাইজ৷ কেবাটাো সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাই শনিবাৰে অন্য মোৰ লয়।
ঘটনাৰ প্ৰতিক্ৰিয়াৰ অব্যাহত থকাৰ মাজতে শনিবাৰে বেতনা কাউৰবাহা মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানক বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰশান্ত বৰাই মুছলপুৰৰ পৰা জাৰি কৰা এক নিৰ্দেশ যোগে চাকৰিৰ পৰা নিলম্বন কৰে। আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত শনিবাৰে প্ৰায় ১০ বজাত প্ৰধান শিক্ষক গৰাকীৰ সমৰ্থনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।