চাবুৱাঃ ২০১৩ চনতেই অসম চৰকাৰে ধপাত বিৰোধী আইন প্ৰণয়ন কৰাৰ পাছতো ৰাজ্যজুৰি ধপাত জাতীয় সামগ্ৰী বিক্ৰী অব্যাহত আছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধপাত জাতীয় সামগ্ৰী বিৰুদ্ধে অসমৰ বহু ঠাইৰ লগতে তিনিচুকীয়াতো প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
উক্ত প্ৰতিবাদক সঁহাৰি জনাই তিনিচুকীয়া জিলা প্ৰশাসনে গুটখা, জৰ্দা, চাধা আৰু লালিগুৰৰ বিৰুদ্ধে এক পদক্ষেপ গ্ৰহণ কৰি এইসমূহ সামগ্ৰীৰ বিক্ৰী, মজুদকৰণ, আৰু যাতায়াতৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰী কৰিছিল৷ কিন্ত ইয়াৰ পিছতো প্ৰশাসনৰ কিছু বিষয়াক মেনেজ কৰি মুকলিকৈ ধপাত জাতীয় সামগ্ৰী আৰু লালিগুৰৰ ৰমৰমীয়া বেপাৰ পুনৰ অব্যাহত ৰাখিছে৷