শিমলুগুৰিঃ অনলাইন মাহেকীয়া আলোচনী ‘সুবাস’ৰ তৰফৰ পৰা সুবাস কেলেণ্ডাৰ বয় এণ্ড গাৰ্ল ২০১৮ শীৰ্ষক এক প্ৰতিযোগিতা আয়োজন কৰা হৈছে। সুবাসৰ ফেচবুক পেজ তথা আলোচনীখনে শাৰদীয় সুন্দৰী প্ৰতিযোগিতাৰ সফলতাৰ পাছত এই প্ৰতিযোগিতাৰ বাবে আগবাঢ়িছে।
মূখ্য সম্পাদক দেৱব্ৰত শৰ্মা, সম্পাদক কৌস্তৱ বৰা, সহঃ সম্পাদক ক্ৰমে সৌৰভজ্যোতি বৰা আৰু চাবৰিন আৰা দৌল্লাৰ দ্বাৰা প্ৰকাশিত সুবাস নামৰ মাহেকীয়া অনলাইন আলোচনীখনে অসমৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি গৈছে।