নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ এহাল ছাত্ৰ-ছাত্ৰীৰ এটি অশ্লীল ভিডিঅ’ বৰ্তমানে সকলোৰে মোবাইলত ভাইৰেল হৈ পৰাত সমগ্ৰ দক্ষিণ নলবাৰী অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে, দক্ষিণ নলবাৰী মহাবিদ্যালয়খনত বিগত এবছৰ পূৰ্বে অধ্যয়ন কৰা এহাল লম্পট ছাত্ৰ-ছাত্ৰী শ্ৰেণী কোঠাতে অশ্লীল অভিসাৰত লিপ্ত হোৱা বহুকেইটা দৃশ্য এচামে ৰেকৰ্ডিং কৰিছিল৷ শেহতীয়াকৈ ভিডিঅ’ কেইটা ভাইৰেল হৈ পৰাত মহাবিদ্যালয়খনৰ প্ৰশাসনিক দিশটোৰ প্ৰতি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ নিৰৱতাক ৰাইজে সমালোচনা কৰিছে।