91
ডিজিটেল ডেস্কঃ ‘‘মেৰে পাচ বংলা হ্যে, গাড়ী হ্যে… তুমহাৰে পাচ ক্যা হ্যে?… মেৰে পাচ ‘মা’ হ্যে…’’ বলীউডৰ এই জনপ্ৰিয় ডায়লগটো কোন খন চিনেমাৰ ধৰিব পাৰিছেনে? হয়, থিকেই ধৰিছে৷ চুপাৰহিত ছবি দীৱাৰৰ এই ডায়লগটো কোনে পাহৰিব পাৰে৷ অমিতাভ বচ্চন আৰু শশী কাপুৰৰ মাজৰ এই সংলাপটোৱে এতিয়াও প্ৰতিজন চিত্ৰপ্ৰেমীৰ মুখে মুখে শুনিবলৈ পোৱা যায়৷ সংলাপটোত যি গৰাকী মাৰ কথা শশী কাপুৰে উল্লেখ কৰিছে, তেওঁ হৈছে জনপ্ৰিয় অভিনেত্ৰী নিৰূপা ৰয়৷
