কোকৰাঝাৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামক প্ৰায় দুমাহ পুৰ্বে কোকৰাঝাৰ চহৰত দিন দুপৰতে হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ছাত্ৰ নেতাৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হয় কোকৰাঝাৰত৷ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক অবিৰাম ৰায়ৰ ঘৰত শনিবাৰে ১৫-২০জনীয়া দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়।
দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে আক্ৰাছু কৰ্মীগৰাকীক অপহৰণৰ চেষ্টা চলাই বিফল হোৱাত ঘৰ দুৱাৰ, গাড়ী ভাঙি চুৰমাৰ কৰে৷ আক্ৰমনৰ ফলত আক্ৰাছু নেতাগৰাকীৰ বাসগৃহৰ খিৰিকীৰ সম্পূৰ্ণ আইনা ভাঙি চুৰ্ণাকৃত হোৱাৰ লগতে দুৰ্বৃত্তই এখন বলেৰ’, আচবাব-পত্ৰ আৰু স্কুটি এখনৰ ক্ষতিসাধন কৰে। দুৰ্বৃত্তই অবিৰাম ৰায়ৰ সহধৰ্মিনীকো আক্ৰমন কৰে। দুৰ্বত্তৰ ৰুদ্ৰমূৰ্তি দেখি অবিৰাম ৰায়ে নিজ ঘৰৰে কোঠা এটিত সোমাই৷