গোৰেশ্বৰঃ মহাবীৰ চিলাৰায় বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ ৰজা। কেৱল ৰাজপাটৰ চিন্তাতে নাথাকি তেওঁ সাহিত্য চৰ্চাও কৰিছিল। ৰজা নৰনাৰায়ণে যদি মহাপুৰুষ শংকৰদেৱক ৰাজদৰবাৰত মৰ্যদা সহকাৰে স্থান দি সাহিত্য চৰ্চাৰ সুবিধা নিদিলেহেতেঁন তেন্তে আমি আজি অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতি বুলি গৌৰৱ কৰিব নোৱাৰিলোঁহেতেঁন। -এই মন্তব্য সদৌ কোচ ৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ।
আজি বাক্সা জিলাৰ নাওকাটা বাৰোৱাৰী দুৰ্গা মন্দিৰ প্ৰাংগনত আয়োজিত এক সম্বৰ্ধনা সভাত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন আক্ৰাছু নেতাজনে এনেদৰে কয়। আজি পূব ডেফেলী আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ পৰা “বিশ্ব মহাবীৰ চিলাৰায় বঁটা” লাভ কৰা কোচ-ৰাজবংশী আন্দোলনৰ নেতা বিশ্বজিৎ ৰায়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।