গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ শ্ৰী শ্ৰী শ্যামা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সোমবাৰৰ পৰা গোৰেশ্বৰত আৰম্ভ হ’ব। গোৰেশ্বৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈ অহা শ্ৰী শ্ৰী শ্যামা পূজা উৎসৱটিয়ে এই বেলি ৫২ বছৰ অতিক্ৰম কৰিছে। এই উপলক্ষে স্থায়ী মন্দিৰৰ শুভ উদ্বোধন আৰু স্থায়ী বিগ্ৰহ প্ৰতিষ্ঠা লগত সংগতি ৰাখি সোণালী জয়ন্তী বৰ্ষ ১৬ৰ পৰা ২০ অক্টোবৰৰ লৈ পাঁচ দিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা হৈছে।
উদযাপন সমিতিৰ যুটীয়া সম্পাদক স্বৰণ সাহা আৰু মদন সাহাই জানিব দিয়া মতে সোমবাৰে পুৱা ৭-৩০ বজাত মুখ্য দ্বাৰ উন্মোচন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰতন ঘোষে। ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমলা কান্ত দাসে। স্মৃতি তৰ্পন কৰিব অৱসৰ প্ৰাপ্ত অধ্যক্ষ অবিনাশ ৰয়ে। ৯ বজাত বিধায়ক ভৱেশ কলিতাই উদ্বোধন কৰিব গংগা আনায়ন আৰু ধৰ্মীয় শোভাযাত্ৰাৰ। ১১ বজাৰ পৰা বিগ্ৰহ প্ৰতিষ্ঠা, বৈদিক পূজা পাঠ, নাম কীৰ্ত্তন আৰু নাগাৰা নাম আয়োজিত হ’ব।