চাবুৱাঃ দেওবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত ডিব্ৰুগড় জিলাৰ প্ৰাথমিক পৰ্যায়ৰ স্নাতক শিক্ষক সকলৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। সভাখনিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱনচন্দ্ৰ বৰা আৰু সৰ্বভাৰতীয় সদস্য অজিত খনিকৰ উপস্থিত থাকে।
সভাখনিত ডিব্ৰুগড় জিলাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ মজলীয়া শিক্ষক সন্থা আৰু কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। সভাখনিত সভাপতিত্ব কৰে সাৰ্বজনীন উচ্চমাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খুবেন পাত্ৰই।