ঢেকীয়াজুলিঃ শোনিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত একাংশই অবৈধ চুলাই মদৰ ঘাটি পাতি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে বহু লোকক৷ দেশীয় সুৰাৰ নামত বিভিন্ন কেমিকেল আনকি ইউৰীয়া সাৰ দি প্ৰস্তুত কৰা এই সুৰা সেৱন কৰি অকালতে মৃত্যু মুখত পৰিছে বহু লোক৷ এই সুৰাৰ বাবেই তিল তিলকৈ ধ্বংস হৈছে একোটা পৰিয়াল৷
কিন্তু এই ক্ষেত্ৰত নিৰৱ ভূমিকা আৰক্ষী প্ৰশাসন আৰু আবকাৰী বিভাগৰ৷ আজি শোনিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাটনিগাঁৱত দুটা অবৈধ চুলাই মদৰ ঘাটি ভাঙি লণ্ড-ভণ্ড কৰিলে স্থানীয় আমছু আৰু বজৰং দলৰ কৰ্মকৰ্তাই৷ ঠেলামৰাৰ কাটনিগাঁৱত গীতা কানু আৰু বিনোদ বড়ো নামৰ দুটা পৰিয়ালে দীৰ্ঘ দিনৰ পৰা অবৈধ ভাবে চুলাই মদৰ ঘাটি পাতি ৰমৰমীয়া বেহা চলাই আহিছিল৷