ডিজিটেল ডেস্কঃ হলিউডৰ প্ৰযোজকৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ অভিনেত্ৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে কপাইছে বিশ্বৰ বোলছবি জগতক৷ যৌন নিৰ্যাতনৰ বলি অভিনেত্ৰীয়ে প্ৰায় তিনিটা দশকৰ অন্তত হলিউডৰ প্ৰযোজক হাৰ্ভে উইনষ্টইনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে খলকনি লাগে৷
এঞ্জেলিনা জলিৰ পৰা আৰম্ভ কৰি গেনিথ পেল্টো, ইভা গ্ৰীণৰ দৰে অভিনেত্ৰীৰ নাম সাঙেৰ খাইছিল৷ তাককৈ ডাঙৰ কথাটো হ’ল এই খবৰে ভাৰততো খলকনি লগাইছে৷ কিয়নো এই ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে বিশ্ব সুন্দৰী বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ নাম৷ এটি সাক্ষাৎকাৰত ঐশ্বৰ্যৰ ব্যক্তিগত পৰিচালক চিমন চ্যাফেল্ডে ঐশ্বৰ্যৰ সৈতে হাৰ্ভে উইনষ্টইনে অকলশৰীয়াকৈ লগ ধৰিব বিছৰা বুলি কয়৷