নলবাৰীৰ জ্যোতি ফাৰ্মছ ক্লাৱৰ ৰঙালাও বিক্ৰীৰ শুভাৰম্ভ
নলবাৰীৰ ধনতোলা (চেংনৈ) জ্যোতি ফাৰ্মছ ক্লাৱে প্ৰায় ২৫০ বিঘা মাটিকালি সামৰি ৰোপন কৰিছিল অৰ্জুনা নামৰ উন্নত জাতৰ ৰঙালাও। আজি ৰঙালাও শস্য বিধ আনুষ্ঠানিক ভাৱে হাতেৰে ছিঙি নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই বিক্ৰী কেন্দ্ৰৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত নলবাৰী জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতা, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী ড০ মৃদুল ডেকা উপস্থিত থাকে। বিক্ৰী কেন্দ্ৰটো শুভাৰম্ভ কৰি বিধায়ক অশোক কুমাৰ শৰ্মাই কয়, ‘‘জ্যোতি ফাৰ্মছ ক্লাৱৰ চেষ্টা আদৰণীয়। যি সময়ত এচামে কাম বিচাৰি ঘূৰি ফুৰিছে বা এনেই ঘূৰা-ফুৰা কৰি আছে সেই ক্ষেত্ৰত এই ক্লাৱৰ সদস্য সকলে নিৱনুৱা সকলৰ আদৰ্শ হৈ পৰিছে’’।