নগাঁওঃ গুণোৎসৱৰ ধামখুমীয়াৰ মাজতে শিক্ষকে কৰিলে প্ৰতিবাদ৷ ৰাজ্যৰ শিক্ষাৰ মানদণ্ড উন্নত আৰু গতিশীল কৰাৰ স্বাৰ্থত গুণোৎসৱৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিৰ সময়তে ক্ষোভিত প্ৰাথমিক শিক্ষক বাধ্য হ’ল আন্দোলন কৰিবলৈ৷ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে যোৱা ২৬ ছেপ্টেম্বৰত জাৰি কৰা এক নিৰ্দ্দেশনা প্ৰত্যাহাৰৰ দাবীত অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনীয়ে আহ্বান জনোৱা দুদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো পালন কৰা দেখা যায়৷
জিলাখনৰ বিভিন্ন প্ৰান্তৰ সকলো প্ৰাথমিক স্তৰৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে আন দিনাৰ দৰেই পুৱা বিদ্যালয়লৈ আহি বিদ্যালয়ৰ নিয়মীয়া উপস্থিতিৰ বহীত স্বাক্ষৰ কৰে যদিও পাঠদানৰ পৰা বিৰত থাকে৷ নিজৰ দাবীৰ সমৰ্থনত প্ৰতিবাদ সাৰ্বস্ত কৰে ৷