শিমলুগুৰিঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত সোমবাৰে কেবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত এখন সভা সভা অনুষ্ঠিত হয়৷ মহকুমাধিপতি ডাঃ সদনেক সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত ১০৪নং নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।
এক মাহৰ ভিতৰত খচৰা ভোটাৰ তালিকা খন সংশোধন কৰি বিভাগীয় কৰ্তৃপক্ষক পুনৰ চূড়ান্ত প্ৰকাশৰ বাবে জমা দিব মহকুমা প্ৰশাসনে।মহকুমাধিপতিয়ে খচৰা ভোটাৰ তালিকাত কোনো বিসংগতি থাকিলে সংশোধন তথ্য সংযোজন কৰাৰ ব্যৱস্থা থকা বুলি কৈ তাৰোপৰি “ই আৰ অ নেট” ব্যৱস্থাৰ জৰিয়তে অনলাইন যোগে সংশোধনী কৰিব পাৰিব বুলি কয়।