বিমুদ্ৰাকৰণক বৃহৎ অসফলতা আখ্যা শংকৰ প্ৰসাদ ৰায়ৰ

Home ৰাজ্যবিমুদ্ৰাকৰণক বৃহৎ অসফলতা আখ্যা শংকৰ প্ৰসাদ ৰায়ৰ

বিমুদ্ৰাকৰণক বৃহৎ অসফলতা আখ্যা শংকৰ প্ৰসাদ ৰায়ৰ

by News Desk
77 views
A+A-
Reset

নৰেন্দ্ৰ মোডীৰ  বিমুদ্ৰাকৰণে কলা ধন উলিয়াই অনাত ব্যৰ্থ হৈছে , বিমুদ্ৰাকৰণত চৰকাৰৰ এক বৃহৎ লোকচানৰ সন্মুখীন হৈছে আৰু বিমুদ্ৰাকৰণৰ নামত সৰ্বসাধাৰণ ৰাইজে প্ৰচুৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ এই ভাষ্য প্ৰকাশ কৰিছে বিটিএডি কংগ্ৰেছ দলৰ নতুনকৈ তত্বাৱধায়কৰ দায়িত্বত থকা তথা কংগ্ৰেছৰ মিডিয়া সমন্বয়ক সদস্য শংকৰ প্ৰসাদ ৰায়ে । আজি কোকৰাঝাৰ কংগ্ৰেছ ভৱনত আয়োজিত এক সংবাদমেলত বিটিএডি কংগ্ৰেছৰ তত্বাৱধায়ক শংকৰ প্ৰসাদ ৰায়ে উক্ত মন্তব্য প্ৰকাশ কৰি দেশৰ কলা ধন, দূৰ্নীতি প্ৰতিৰোধকে ধৰি মুল চাৰিটা উদ্দেশ্যলৈ গ্ৰহণ কৰা মোডীৰ বিমুদ্ৰাকৰণ ব্যৰ্থতাৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰিছে ৷ কোনো পৰিকল্পনা নোহোৱাকৈ বিমুদ্ৰাকৰণ কৰাৰ বাবেই মোডীয়ে এক বৃহৎ অসফলতা লাভ  কৰিলে বুলি মন্তব্যৰে এই ক্ষেত্ৰত শংকৰ প্ৰসাদ ৰায়ে বিমুদ্ৰাকৰণৰ বিফলতাৰ তথ্য দাঙি ধৰে ৷ বিমুদ্ৰাকৰণত চৰকাৰে বান্ধি দিয়া সময়লৈ ৫০০ আৰু ১০০০ টকাৰ  সৰ্বমুঠ ১৪.৪৪ লাখ কোটি টকাৰ ঠাইত ১৪ লাখকোটি টকা দেশৰ বেংকত জমা হোৱা হোৱাৰ বিপৰীতে ইয়াৰে মাথো ৪৪ হেজাৰ কোটি টকাহে বেংকত জমা নহল । এই ক্ষেত্ৰত  নৰেন্দ্ৰ মোডীয়ে দেশত কোটি কোটি টকা কলা ধন মজুত থকা বুলি দাবী কৰিছিল যদিও কলা ধন উলিৱাই অনাত ব্যৰ্থ হোৱাহে পৰিলক্ষিত হ’ল । চৰকাৰে ৫০০ আৰু ২০০০ টকাৰ নতুন নোট ছপোৱাৰ নামত ব্যায় কৰিলে ১২ হেজাৰ কোটি টকা যাৰ ফলত বিমুদ্ৰাকৰণৰ তথ্য চালি-জাৰি চালে চৰকাৰৰ ১১ হেজাৰ কোটি টকা লোকচানহে হ’ল বুলি মত প্ৰকাশ কৰে ৰায়ে ৷ সংবাদ মেলত মোডীৰ সততাৰ ওপৰত সন্দেহ কৰি শংকৰ প্ৰসাাদ ৰায়ে  মোডীক ছুইচ বেংকৰ পৰা তিনি লাখ কোটি টকাৰ কলা ধন প্ৰতিশ্ৰুতি মতে ঘুৰাই আনিবলৈ প্ৰত্যাহ্বান জনায় ৷ ইয়াৰোপৰি বছৰি ২ কোটি নিবনুৱাক চাকৰিৰ প্ৰতিশ্ৰুতিও ধোৱা চাঙত  উঠিল বুলি সংবাদমেলত আক্ষেপ প্ৰকাশ কৰে শংকৰ প্ৰসাদ ৰায়ে ৷ আজিৰ সংবাদমেলত বিটিএডিৰ কংগ্ৰেছী নেতা একাংশই বিপিএফ দলত যোগ দিয়া প্ৰসংগত ৰায়ে কয় গণতান্ৰিক দেশত সকলোৰে নিজৰ নিজৰ অধিকাৰ আছে ৷ তেনে ক্ষেত্ৰত এচাম কংগ্ৰেছী নেতাই অইন দলত যোগ দিয়াটো দলৰ বাবে কোনো চিন্তনীয় বিষয় নহয় বুলি মন্তব্যৰে শংকৰ প্ৰসাদ ৰায়ে  কংগ্ৰেছ দল কোনো এচাম ব্যাক্তিক লৈ চলা দল নহয় বুলি স্পষ্ট কৰি দিয়ে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0