81
তেজপুৰঃ আজি কাতি বিহু। অসমীয়া জাতিৰ সংস্কৃতি সামৰি কাতি বিহু আহি চোতাল পালেহি৷ তুলসী তলত, পথাৰত মাটিৰ চাকিয়ে আজি পোহৰৰ মেলা পাতিব৷ অসমীয়াৰ প্ৰান তিনিবিহুৰ অন্যতম এই কাতি বিহু বা কঙালি বিহুৰ ববে আজি ব্যস্ত হৈ পৰিছে অসমৰ জনজীৱন৷
আহিন মাহৰ দোমাহিৰ দিনা পালন কৰা কাতি বিহু কৃষিজীৱি অসমীয়াই অতি শ্ৰদ্ধা আৰু আদৰেৰে পালন কৰে। পথৰবোৰ সোণগুটিৰে জিলিকি উঠাৰ কামনাত প্ৰতিজন চহা অসমীয়াই পথাৰত চাকি জ্বলায়৷