গুৱাহাটীঃ তাজমহলৰ পিছত এইবাৰ পুৱাৰ আজানৰ বিতৰ্কই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ একাংশ বিজেপি নেতাই তাজমহলক দেশৰ কলংক, চুৰি মাটিত নিৰ্মাণ কৰা বুলি বক্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সুচনা কৰাৰ সময়তে এইবাৰ আজান আৰু দীপাৱলীৰ আতচবাজীৰ শব্দক একে বুলি কৈ নকুন বিতৰ্কৰ সৃষ্টি কৰিছে ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ে৷ মঙলবাৰে টুইট কৰি ৰাজ্যপাল ৰায়ে “Every Diwali fights start over noise pollution from crackers. A few days in a year. But no fight about Azaan over loudspeakers at 4.30 AM!” বুলি মন্তব্য আগবঢ়ায়৷
ছচিয়েল মিডিয়া যোগে আগবঢ়োৱা এই মন্তব্যৰ পিছতে দেশত নতুন বিতৰ্কৰ সৃষ্টি হয়৷ প্ৰতিটো দীপাৱলীত আতচবাজীৰ প্ৰদূষণক লৈ যুদ্ধ আৰম্ভ হয়৷ বছৰত মাত্ৰ কেইটামান দিন৷ কিন্তু পুৱাই ৪.৩০ বজাত মাইকত দিয়া আজানৰ বিৰুদ্ধে যুদ্ব কৰা নহয়৷ এই মন্তব্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইয়াৰ পুৰ্বে জনপ্ৰিয় সংগীত শিল্পী চনু নিগমে পুৱাই দিয়া আজানকলৈ বিতৰ্কৰ সৃষ্টি কৰিছিল৷