গোৰেশ্বৰঃ প্ৰাদেশিকীকৰণৰ নামত চৰকাৰে চলাই থকা ভুৱা নাটকৰাজি বন্ধ কৰি অহা ৩০ অক্টোবৰৰ ভিতৰত জিলা বাচনি সমিতিয়ে সংশ্লিষ্ট সঞ্চালকলৈ তেওঁলোকৰ বাচনি বৃত্তান্ত প্ৰেৰণ কৰাৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। আজি ২০ অক্টোবৰত গুৱাহাটীৰ কাহিলীপাৰত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ আটাইকেইজন সঞ্চালকৰ হৈ উচ্চ শিক্ষাৰ সঞ্চালক বাবুলাল শৰ্মাই এই স্মাৰক পত্ৰ গ্ৰহণ কৰে।
ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুশল হালৈ আৰু ভূৱনেশ্বৰ লহকৰে এই সন্দর্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে যে- যি সময়ত বিনা বেতনে একাংশ ভেন্সাৰ শিক্ষকে অৱসৰ লৈছে, আন একাংশই মানসিক ভাৰসাম্য হেৰুৱাব লগা হৈছে বা আন একাংশই আকৌ আৰ্থিক দৈন্যতাত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি লৈছে তেনে বেদনাময় পৰিস্থিতিকো আওকাণ কৰি প্ৰাদেশিকীকৰণ বাবে গঠন কৰি দিয়া জিলা বাচনি সমিতিয়ে আজিকোপতি সংশ্লিষ্ট সঞ্চালকলৈ বাচনি বৃত্তান্ত প্ৰেৰণ কৰা নাই। যোৱা ৩১ আগষ্টতে এই বাচনি বৃত্তান্ত প্ৰেৰণ কৰাৰ দিন উকলি গৈছে যদিও শিক্ষা বিভাগৰ একাংশ কৰ্মচাৰীৰ হেমাহিৰ বাবে আজিকোপতি সঞ্চালকলৈ ফাইল প্ৰেৰণ কৰিব পৰা নাই।