Home ৰাজ্যআটছু-এনামূলৰ চাৰি খন বাইক, শুকুৰবাৰৰ পৰা হ’ল আৰক্ষীৰ

আটছু-এনামূলৰ চাৰি খন বাইক, শুকুৰবাৰৰ পৰা হ’ল আৰক্ষীৰ

by News Desk
58 views
A+A-
Reset

বোকাজানঃ অৱশেষত আৰক্ষীৰ জালত পৰিল পাহাৰীয়া জিলা কাৰ্বি আংলঙত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুধৰ্ষ বাইক চোৰ৷ কাৰ্বি আংলঙৰ উদ্যোগ নগৰী বোকাজানত বিগত কেইবামাহ ধৰি দুচকীয়া বাহন চুৰি হৈ আহিছে৷ একপ্ৰকৰ বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত৷ শুকুৰবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ৪ খন বাইক সহ জালত পেলাই চোৰৰ চক্ৰটোক৷

বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাই গোপন খবৰৰ ভিত্তিত অভিযান চলাই দুই দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিখনকৈ চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ বৰদেৱাৰ আব্বু বক্কৰ ছিদ্দিকৰ পুত্ৰ এনামূল হুছেইন (২৩) আৰু নগালেণ্ডৰ খিপ্ৰি জিলাৰ য়েনছেনজেনৰ পুত্ৰ আটছু য়েনছেনজেন (২৯)ক অসম-নগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ লাহৰিজানৰ খান বস্তিৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0