Home ৰাজ্যকেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰম্ভ হ’ব মেট্ৰ ৰেলৰ নিৰ্মাণ কাৰ্য

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰম্ভ হ’ব মেট্ৰ ৰেলৰ নিৰ্মাণ কাৰ্য

by News Desk
248 views
A+A-
Reset

দিছপুৰঃ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক বুধবাৰে দিছপুৰৰ অসম সচিবালয়ত অনুষ্ঠিত হয় । দিনৰ ১১ বজাত অনুষ্ঠিত এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কেবিনেটে সিদ্ধান্ত গ্ৰহন কৰে। সেই মৰ্মে অহা ২৮ জানুৱাৰীত শৰাইঘাটৰ দ্বিতীয়খন দলং মুকলি কৰা হ’ব । অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দমোহন পাটোৱাৰীয়ে সদৰী কৰা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দিনৰ ১১ বজাত আনুষ্ঠানিক ভাবে এই দলং মুকলি কৰিব। কেবিনেটে গুৱাহাটীত মেট্ৰ’ ৰেলসেৱাৰ কাম-কাজ আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে । মুঠ ১৮ হাজাৰ কোটি টকাৰ ব্যয়ৰে চাৰিটা পৰ্যায়ত আৰম্ভ হ’ব মেট্ৰ ৰেল সেৱাৰ কাম-কাজ । প্ৰথম পৰ্যায়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা নাৰেঙ্গীলৈ আৰু দ্বীতিয় পৰ্যায়ত নাৰেঙ্গীৰ পৰা উত্তৰ গুৱাহাটীলৈ এই ৰেল সেৱা প্ৰৱত্তৰ্ন কৰা হ’ব । পৰিবহন মন্ত্ৰী চন্দমোহন পাটোৱাৰীয়ে বৈঠকত উল্লেখ কৰে যে পূৰ্বৰ চৰকাৰে মেট্ৰ’ ৰেলৰ কোনো অনুমোদনেই লোৱা নাছিল। মেট্ৰ’ৰেলৰ সুকীয়া কাৰ্যালয় গুৱাহাটীতে স্থাপন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কেবিনেটৰ আন কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে হিমালয়ান গেমছ আৰু নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ। ৫ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈকে বিশেষ আয়োজনেৰে গুৱাহাটীত অনুষ্ঠিত হ’ব হিমালয়ান গেমছ্ ।অংশগ্ৰহন কৰিব নেপাল, ভূটান, আফগানিস্থানৰ প্ৰতিনিধিয়েও । আনহাতে ৩১ মাৰ্চৰ পৰা অসমত অনুষ্ঠিত হ’ব নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ । শদিয়াৰ পৰা ধুবুৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0