অভয়াপুৰীঃ যোগীঘোপাত শনিবাৰে পুৱাই পথ দুৰ্ঘটনা সংঘটিত হৈ অভয়াপুৰীৰ সৰবৰহী লোক পংকজ পাঠকৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত পথ দুৰ্ঘটনাত APROৰ কৰ্মচাৰী পংকজ পাঠক মৃত্যু হয়।
বঙাইগাঁও জিলাৰ অভয়াপুৰী নিবাসী APROৰ কৰ্মচাৰী পংকজ পাঠকে AS-19-E-3338 নম্বৰৰ বাইকেৰে কৰ্মস্থলী গোৱালপাৰালৈ গৈ আছিল৷ তেনে অৱস্থাতে বিপৰীত দিশৰ পৰা অহা AS-15-C4327 নম্বৰৰ টাটা মবাইলৰ সৈতে মুখামুখী সংৰ্ঘষ লগাত পংকজ পাঠক গুৰুতৰ ভাবে আহত হয়।