বোকাজানঃ ৩৫ বছৰ উৰ্দ্ধৰ ফুটবল খেলুৱৈক উৎসাহ কৰাৰ বাবে অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতা৷ কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপথাৰ অঞ্চলৰ জ্যেষ্ঠ ফুটবল খেলুৱৈক উৎসাহিত কৰাৰ বাবে ছানৰাইজ স্পৰ্টচ ক্লাবৰ উদ্যোগত অহা ২৮ অক্টোবৰৰ পৰা ০৮ নৱেম্বৰলৈকে ফুটবল প্ৰতিযোগিতা খন অনুষ্ঠিত হ’ব৷
বালিপথাৰ অঞ্চলৰ দুগৰাকী নমস্য ব্যক্তি বিক্ৰম জি মমিন আৰু কৰুণাকান্ত ৰয়ৰ সোঁৱৰণত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বিভিন্ন জাতি-জনজাতিৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে লাংবৈস্থিত বিলপথাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত শুভাৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে৷