নলবাৰীঃ ৰাজ্যত এতিয়া উন্নয়ণ আৰু বিকাশৰ জোৱাৰ৷ বিশ্বাসঘাটক কংগ্ৰেছক বিদায় দি পৰিবৰ্তন বিচাৰি বিজেপি মিত্ৰ জোটঁক আকোৱালি লোৱাৰ বাবেই এই উন্নয়ণ সম্ভ হৈছে৷ চৌদিশে পৰিবৰ্তনৰ বতাহ বলিছে। দলীয় সতীৰ্থই তথা সাংসদ আৰ পি শৰ্মাই নিতৌ বিদ্ৰোহ ঘোষণা কৰাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শনিবাৰে নলবাৰীত উপস্থিত হৈ ৰাজ্যত এতিয়া উন্নয়ণ হোৱা বুলি দাবী কৰে৷
সভাপতি ৰঞ্জিত কুমাৰ দাসে নলবাৰীৰ টিহু হাটখলাত বিজেপিৰ এখন বিশাল কৰ্মী সভাত অংশ লৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত সৰ্বস্তৰৰ ৰাইজে একক ভাবে বিজেপিক সমৰ্থন কৰক বুলি আহ্বান জনায়। বিগত সময়ত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন পাতিছিল ঠিকে। নিৰ্বাচন কংগ্ৰেছীৰ উন্নয়ন, বিকাশৰ বাবেহে, ৰাইজৰ বাবে নহয়। ইয়াৰ প্ৰমাণ কংগ্ৰেছী পঞ্চায়ত সমূহত হোৱা সীমাহীন দূৰ্নীতি-অনিয়ম।