ডিজিটেল ডেস্কঃ ক্ৰিকেট কিংবদন্তী শচীন তেণ্ডুলকাৰৰ দৰে বিৰাট ক’হলিয়েও দিনে দিনে গঢ়ি গৈ আছে নতুন ৰেকৰ্ড৷ যাৰ খেল চাই আদৰ্শ ব্যক্তি হিচাপে লৈ খেলিবলৈ আৰম্ভ কৰিছিল সেই তেণ্ডুলকাৰৰেই পদাংক অনুসৰণ কৰি বনাই গৈছে একোটাৰ পিছত একোটা ৰেকৰ্ড৷
দেওবাৰে এদিনিয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট ক’হলীয়ে আন এক নতুন কৃতিত্ত্ব অৰ্জন কৰে৷ ৰিকি পণ্টিঙক অতিক্ৰমি এদিনিয়া ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক শতকৰ গৰাকী হয় ক’হলী৷ নিউজেলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ প্ৰথম খন এদিনীয়াত দৰ্শনীয় শতক অৰ্জন কৰি এই কৃতিত্ব গঢ়ে৷