গুৱাহাটীঃ শনিবাৰে সোণাৰিত বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এক সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছাই গান্ধী-নেহৰুক জাৱৰৰ সৈতে তুলনা কৰিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে এনে ভাষ্য প্ৰদান কৰে সাংসদ তাছাই।
সাংসদ গৰাকীয়ে কংগ্ৰেছে দীনদয়াল উপাধ্যায়ৰ নীতি আদৰ্শ নজনাকৈ কেৱল গান্ধী নেহৰুৰ নামত ৰাইজৰ মুৰত জাৱৰ এসোপা সোমাই দিলে আৰু ইয়াৰ পিছত বেলেগ থিয়ৰি পাহৰি গল ৰাইজে বুলি কয়। ইয়াৰ পিছতে ৰাজ্যত আৰম্ভ হয় প্ৰতিবাদৰ জোৱাৰ৷ কংগ্ৰেছ নেতা-কৰ্মীয়ে ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে বিৰোধি দলৰ নেতা দেবব্ৰত শইকীয়াই সাংসাদগৰাকীৰ মন্তব্যক গৰিহনা দিয়ে৷