লাহোৱালঃ কবি অজিত দত্তক প্ৰদান কৰা হ’ব বিআৰ আম্বেদকাৰ বঁটা৷ ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপে এই বঁটা প্ৰদান কৰিব দত্তক৷ অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপৰ ৩৩ সংখ্যক অধিবেশনত বঁটা প্ৰদান কৰা হ’ব। ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ হাটখোলা গাঁৱৰ প্ৰয়াত হেম দত্ত আৰু দীপেশ্বৰী দত্তৰ পুত্ৰ কবি অজিত দত্ত স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে৷
কবি, প্ৰৱন্ধকাৰ, বিহু বিশেষজ্ঞ দত্ত কৰ্মসূত্ৰে তিনিচুকীয়াৰ বাসিন্দা। তেওঁৰ নামী ধানৰ ছাউনী(কবিতা), সাহিত্য সংস্কৃতিৰ অন্বেষণ, অপূৰ্ণ পিপাসা (কবিতা), গছী ধানৰ গজৰা (কবিতা), সাহিত্য সংস্কৃতিৰ মুকুৰ, তুলাপাতত তুলিকাৰ তুহিন (কবিতা), সংস্কৃতিৰ সাবয়ব, আহ (একাঙ্কিকা নাট), গজলীয়া বৰষুণজাকৰ পাছত (গল্প), বৰশী (কবিতা), উৰ্মিলা(কবিতা), গ্ৰন্থই সমাদৰ লাভ কৰিছে৷