ডিজিটেল ডেস্কঃনৱাজুদ্দীন চিদ্দিকী এক অনন্য প্ৰতিভা৷ অভিনয়ৰ ক্ষেত্ৰত যেন অদ্বিতীয়৷ হিৰ’, ভিলেইন নতুবা অন্য চৰিত্ৰ সকলোতে পাৰ্গত অভিনেতা বুলি জনা যায়৷ নিৰ্দিষ্ট একো একোটা চৰিত্ৰ যেন তেওঁৰ কাৰণেই লিখা হয়৷ সুন্দৰ অভিনয় শৈলি, যাৰ বাবে হয়তো প্ৰতিটো চৰিত্ৰৰ বাবেই লাভ কৰে পুৰষ্কাৰ।
বিশিষ্ট অভিনেতাগৰাকীৰ অহা ২৫ অক্টোবৰত প্ৰকাশ পাব তেওঁৰ জীৱনৰ আধাৰত লিখি উলিওৱা ‘এন অৰ্ডিনাৰি লাইফ’ শীৰ্ষক গ্ৰন্থ৷ গ্ৰন্থ খনত তেওঁৰ জীৱনৰ প্ৰতিটো ঘটনাৰ দলিল সন্নিবিষ্ট কৰিছে৷ প্ৰকাশৰ পূৰ্বেই শিৰোনাম দখল কৰা নৱাজুদ্দীন চিদ্দিকীৰ জীৱন ভিত্তিক এই গ্ৰন্থই৷ কিয়নো এনে কিছুমান কথা ইয়াত সন্নিবিষ্ট কৰা হৈছে যেন অভিনেতা জনৰ ওপৰত থকা পূৰ্ৱৰ ধাৰণাই সলনি হৈ যাব মানুহৰ৷