নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁৱৰ চানক্য কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত অহা ২৯ অক্টোবৰত যুৱ কবিৰ কবিতা পাঠ আৰু পৰ্যলোচনা ‘কাব্যচৰ্চা’ শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷
চানক্য মহাবিদ্যালয়ৰ আলোচনাকক্ষত বিয়লি ১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত পৰ্যালোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক, সমালোচক অৰিন্দম বৰকটকী ৷ নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ’ব।